Tuesday, February 21, 2017

Assamese : My Language, My Dream

21st February is International Mother Language Day and our blog is hosting a celebration of languages. A series of blog posts by people from different walks of life - sharing their thoughts on languages, memories and more. International Mother Language Day is an observance held annually on 21 February worldwide to promote awareness of linguistic and cultural diversity and multilingualism.


(This post was sent to us by Rantu Moni Deka. Rantu works as a Block Resource Person with Pratham in the Kamrup district of Assam. He loves creating Android apps and has also created some for the organization he works with. His poetry compilation 'Eta Xopunar Opomrityo' has been published in Assamese.).

মই অসমীয়া ভালদৰে পঢ়িবও নোৱাৰোঁ, লিখিবও নোৱাৰোঁ, কিন্তু মইতো একো অসুবিধা নোহোৱাকৈয়ে ইমান দিন চলি আছোঁ। গতিকে মই কিয় মানি ল’ম অসমীয়া লিখিব-পঢ়িব জনাটো জৰুৰী বুলি?’ অলপতে অসমীয়া ভাষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বন্ধু এজনে দিয়া মন্তব্য এয়া। বন্ধুগৰাকীয়ে কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰি বৰ্তমান বহুজাতিক প্ৰতিষ্ঠান এটাৰ উচ্চ পদত কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ আত্মপক্ষ সমৰ্থনত আকৌ ক’লে যে তেওঁ সৰুৰে পৰা ইংৰাজী আৰু হিন্দী মাধ্যমত পঢ়িয়েই আজি এই স্থান পাইছে আৰু এই গোটেই সময়ছোৱাত কেতিয়াও অসমীয়া ভাষাত একো লিখাৰ প্ৰয়োজন হোৱা নাই। প্ৰয়োজন হ’লে হয়তো তেৱোঁ বাধ্য হ’লহেঁতেন অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ। কোৱা বাহুল্য মাথোঁ যে তেওঁ অসমতে বাস কৰা এজন অসমীয়া।

(মোৰ সুধিবলৈ মন গৈছিল, তেওঁ কি ভাষাত ভাবে?)

মোৰ অনুভৱ বৰ্তমান অসমত অসমীয়া ভাষাৰ চর্চা কমি আহিছে । তাৰ ঠাই লাহে লাহে ইংৰাজী ভাষাই অধিকাৰ কৰিছে । অৱশ্যে নিজ ভাষাটোৰ বাদেও অন্য ভাষাৰ চর্চা কৰাটো কোনো বেয়া কথা নহয়; বৰঞ্চ ভালহে । কাৰণ বৰ্তমান নিজ ভাষাটোৰ বাদেও অন্য ভাষা শিকাটো আৱশ্যক হৈ পৰিছে । ঘাইকৈ ইংৰাজী ভাষা । কিন্তু সেই বুলিয়েই নিজ ভাষাটো অৱহেলা কৰা উচিত নহয় । কিন্তু দুখৰ বিষয় যে বৰ্তমান ইংৰাজী ভাষাৰ কবলত পৰি অসমীয়া ভাষাই নিজৰ স্থিতি হেৰুৱাৰ উপক্ৰম হৈছে ।আন নালাগে অসমৰ CBSE মাধ্যমৰ বিদ্যালয়বোৰতে অসমীয়া বিষয়টো বাধ্যতামূলক বিষয় নহয় । ইয়াৰ বাদেও ইউনিক’ড আৰু ভাৰত চৰকাৰৰ মতেও অসমীয়া ভাষাটো হেনো বাংলা ভাষাৰ এটা উপভাষাহে ; ইয়াৰ লিপিবোৰ হেনো বাংলা লিপিহে ।দেখা যায় যে আজিকালি মাক-দেউতাকে সন্তানক সৰুৰে পৰা অ, আ, ক, খ নিশিকায়, শিকায় A, B, C, D হে । সন্তানক নিজৰ ভাষাটোৰ লগত চিনাকি কৰি দিয়াৰ হাবিয়াস যেন কাৰো নাই । উচ্চ, মধ্যবিত্ত সকলোৱেই নিজ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ায় ।

আনকি দুখীয়াসকলেও নাখাই-নবই ইংৰাজী মাধ্যমত পঢ়াবলৈ চেষ্টা কৰে । যাতে তেওঁলোকৰ সন্তানে সকলোৰে লগত খোজত খোজ মিলাই সমানে যাব পাৰে । এইটো ভাল কথা । কিন্তু নিজৰ ভাষা-সংস্কৃতিক অৱহেলা কৰা উচিত নহয় । বৰ্তমান অসমৰ সৰহ সংখ্যক বিদ্যালয়েই ইংৰাজী মাধ্যমৰ । এই বিদ্যালয়সমূহে অসমীয়া ভাষা শিক্ষা দিয়াত যথেষ্ট গুৰুত্ব দিয়া উচিত । অসমীয়া ভাষাৰ সু-চৰ্চাত বিদ্যালয়সমূহে আগভাগ ল’ব লাগিব । অৱশ্যে এইটো ঠিক যে বিদ্যালয়-মহাবিদ্যালয়সমূহে আমাক নিজৰ ভাষা-সংস্কৃতি আদিক ভাল পাবলৈ বাধ্য কৰিব নোৱাৰে । সেয়েহে আমি নিজেই ভাল পাবলৈ শিকিব লাগিব আৰু অভিভাৱকসকলে নিজৰ সন্তানকো ভাল পাবলৈ আগ্ৰহী কৰিব লাগিব ।

যি নহওক অসমীয়া ভাষাই বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে আজিৰ অৱস্থা পাইছেহি। অসমত যে অসমীয়া ভাষাৰ গুৰুত্ব কমা নাই সেই কথা আমি আনৰ আগত প্ৰতিপন্ন  কৰিব পাৰিব লাগিব ।অসমীয়া ভাষাটো যে বাংলা ভাষাৰ উপভাষা নহয় আৰু ইয়াৰ যে এটা স্বতন্ত্ৰৰীয়া লিপি আছে সেই কথাও প্ৰতিপন্ন কৰিব লাগিব ।

অসমত বাস কৰা আমি প্ৰতিজনেই মনে-প্ৰাণে অসমীয়া। ভৱিষ্যৎ প্ৰজন্মক অসমীয়া ভাষাক সন্মান কৰিবলৈ, অসমীয়া শিকিবলৈ আমিয়ে উদ্বুদ্ধ কৰিব লাগিব। এয়া আমাৰ এক নৈতিক দায়িত্ব। কিন্তু আমি নিজেই যদি নিজৰ ভাষাটো ব্যৱহাৰ কৰিবলৈ অপাৰগ হওঁ, তেতিয়া আনক কেনেদৰে সহায় কৰিম? ভিন ভিন কাৰণত অসমৰ বাহিৰত থাকিলেও প্ৰতিজন অসমীয়াৰ শিপাডাল অসমতে থাকে। শিপা সুদৃঢ় নহ’লে গছজোপা যিমানেই ওখ নহওক কিয়, এটা সময়ত বাগৰি পৰাৰ আশংকা থকাৰ দৰে মাতৃভাষাৰ প্ৰতি, মাতৃভূমিৰ প্ৰতি সন্মান জনাবলৈ নিশিকালে নতুন প্ৰজন্ম এটা সময়ত হয়তো অস্তিত্বৰ সংকটত ভুগিব। তেতিয়া আমি তেওঁলোকৰ ওচৰত জবাবদিহি হ’ব লাগিব । ড. ভূপেন হাজৰিকাই গানেৰে কোৱাৰ দৰে— '….নহ’লে আমাৰ ৰাজহাড় নাই বুলি বিশ্বই বৰকে হাঁহিব…'।
সেয়ে শেষত কওঁ

"আনৰে লগতে অসমীয়া অসমতে
যদিহে নেবাচে বাৰু ক’তনো বাচিব
মোৰ আইক ভাল পাওঁ বুলিলে
আনৰ আইক জানো ঘিণ কৰাটো বুজাব…" (ড. ভূপেন হাজৰিকা)
**********

“You cannot dream or think in second language”

If you want to learn another language then you have to know your mother language first. One can have two or more native languages. Many scholars have given definitions of 'native language' based on common usage as the emotional relation of the speaker towards the language, and even its dominance in relation to the environment. However, all of three criteria lack precision. For many children whose home language differs from the official state language, it can be transferred to the second language. So, for example, if your child has developed good reading skills in Assamese, she is likely to be able to apply these skills when reading English. For this it helps if you encourage your child to read good fiction and non-fiction in her own language. Similarly, the skills of being able to plan out a piece of writing or develop an argument in a persuasive essay can be applied in the second language once they have been learned the first.

Pratham Books' StoryWeaver gave me a platform to do something for the lovely kids I work with. Learning depends on the ability to read. When children have access to enjoyable, enriching stories in their own languages, the transformation in their reading skills are visible. The sheer joy of reading stories that are engaging and capture their imagination can make children become readers. This is what made me try to give the children something in their own language.

I love my mother language the most. It’s in my heart. Often, I feel very irritated when someone makes a mistake in Assamese spelling (even when I read road side banners). My friends always ask me why I only find the mistakes. I mostly speak Assamese and it is my mother tongue. But quite honestly, I often say words that Assamese never owned, then I ignore the mix up with other languages.

Nowadays it hurts that some people dislike their native language and are shy to speak in it. I guess I'm wondering how rare it is for people to actually dislike speaking the language they grew up with merely because it is so effortless to do so. I am one of these people and none of my friends seem to understand (even those who love languages). I wouldn’t mind if I never used English again in everyday conversation 

Some of us, educators, while introducing a language (generally English in the pre-primary years), follow the mother tongue approach. Children are introduced to the language not through reading and writing but how a mother tongue is introduced at home. Through casual conversations, simple songs ~ have you observed the blissful interactions between a mother and her child...then you’ll understand what I mean. It’s not just the language, it’s the way the language is introduced which also makes one’s mother tongue even more special.

I have translated many stories in Assamese on StoryWeaver. The stories translated in mother languages are the ones that the children can understand the most. Assam government school students have access to libraries in school, but the books are not always suitable for them. The children of course are not interested in them. But they loved StoryWeaver stories which were translated into Assamese. The children feel so happy with the colorful illustrations and a story that can be easily understood by them. If Pratham Books' story books are given to them in their mother language in their school library and also in a village library where the children meet together - then my dream will come true. Because of my busy schedule I can't do more translations in Assamese, but I encourage all to try it and also try my best to translate as much as I can. With a dream similar to that of Pratham Books .... 'an Assamese book in every child's hand'.

blog comments powered by Disqus